Polaroid
মুখ্য পৃষ্ঠা
01/05/2610:19

কলিজাত দুখৰ দাগ

সীমাহীন সমুদ্ৰৰ সিপাৰে
বিচাৰিব মন যায় মমতাৰ শিৰৰ সেন্দুৰ ;
অসীমত হেৰাল তাহানিতে এদিন
প্ৰেম জীৱনৰ আকোলতা মোৰ !

হৃদয়ে উচুপে মমতাৰ বিৰহত
বাউলি বতাহত জীৱন তিক্ত ;
ৰিক্ত হিয়াই শূন্যত বিছাৰে
হেৰায় যোৱা জীৱনৰ ছন্দ !

মনৰ গুপুতত বিৰহে ওমলে
দুখৰ বতাহে কোবালে জীৱন চাকি ;
পুৰ্ব্বাচলত ওলাবনে সুখৰ সুৰুয
শেষ হওঁক অজানিতে দুখৰ ৰাতি !

© ৰাজু কলিতা

10/09/14